জল-পদাংক আৰু আভাসী জল: ধাৰণা আৰু গুৰুত্ব
আমাৰ পৃথিৱীখন পানীত চহকী গ্ৰহ, ইয়াৰ উপৰিভাগৰ প্ৰায় ৭৯ শতাংশই পানী। এই পানীৰ পৰিমাণ প্ৰায় ১৪০০ নিযুত ঘন কিল’মিটাৰ। কিন্তু ইয়াৰ ৯৭ শতাংশই আছে সাগৰ-মহাসাগৰত, আৰু সেই পানী লুণীয়া কাৰণে মানুহৰ ব্যৱহাৰযোগ্য নহয়। বাকী থকা ৩ শতাংশ পানী অলৱণাক্ত বা সুজল(fresh water), আৰু ইয়াৰ পৰিমাণ প্ৰায় ৩৫ নিযুত ঘন কিল’মিটাৰ।